December 21, 2025 8:47 PM

views 96

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানৰ প্রকাশ

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানে প্রকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে ১২৫ কর্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জৰিয়তে কেৱল ১০০টা কৰ্মদিনৰ সুবিধা প্ৰদান কৰা হৈছিল। তেওঁ লগতে কয় যে বিধেয়কখনত কোনো কামৰ সুবিধা লাভ নকৰা লোকসকলৰ বাবে বিশেষ ভাটাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি কৃষকসকলৰ বাবেও বিধেয়কখনত বিশেষ ব্যৱস্থা কৰা হৈ...

December 21, 2025 8:28 PM

views 37

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখনত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ স্বাক্ষৰ

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে বিকশিত ভাৰত জি ৰাম জী বিধেয়কখনত আজি স্বাক্ষৰ কৰে। এই স্বাক্ষৰৰ পাছতেই শীতকালীন অধিবেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বি ভি জি ৰাম জী বিধেয়কখন গৃহীত হৈছিল। ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ নিবনুৱা লোকসকলক ১২৫টা কৰ্মদিনৰ নিশ্চয়তা প্রদান কৰা হৈছিল। শাসকীয় পক্ষই দাবী কৰা অনুসৰি এই আইনে গ্রামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু দৰিদ্ৰতা নির্মূলৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব।