July 18, 2024 7:14 PM

views 22

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিস্ৰী ভূটানলৈ যাব

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিস্ৰী ভূটানলৈ যাব বিদেশ সচিব বিক্রম মিস্ৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী মিজীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্রমণ। ভ্রমণ কালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্ৰী মিস্ৰীয়ে দেশখনৰ প্ৰধানমন্ত্রী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰি...

July 15, 2024 3:29 PM

views 46

দেশৰ বিদেশ সচিব হিচাপে বিক্ৰম মিস্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ

বিক্ৰম মিস্ত্ৰীয়ে আজি দেশৰ বিদেশ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বৰ বিদেশ সচিব বিনয় মোহন কোৱাট্টাৰ কাৰ্যকাল কালি শেষ হয়। শ্রীমিস্ত্রী হৈছে ১৯৮৯ বেটছৰ ভাৰতীয় বিদেশ সেৱাৰ এগৰাকী বিষয়া। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয়ত উপ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা হিচাপে কৰ্মৰত আছিল। তদুপৰি তেওঁ চীন, ম্যানমাৰ আৰু স্পেইনত ভাৰতীয় দূত হিচাপে সেৱা আগবঢ়াইছিল। শ্রীমিস্ত্রীয়ে ১৯৯৭ চনত ইন্দ্ৰ কুমাৰ গুজৰাল, ২০১২ চনত মনমোহন সিং আৰু ২০১৪ চনত নৰেন্দ্ৰ মোদী এই তিনিগৰাকী প্রধানমন্ত্ৰীৰ ব্যক্তিগত সচিব ...