December 21, 2024 12:38 PM

views 41

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত জনসাধাৰণৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ধন বিতৰণ আৰু সাহাৰ্য্য প্ৰদান কৰা হ'ব। লখিমপুৰৰ চকুলিভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰৰ সমীপত আয়োজন কৰিবলগীয়া অনুষ্ঠানত শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ এহেজাৰ ৯৮৪ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱম...

December 19, 2024 7:39 PM

views 38

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ হৈছে। বিগত সপ্তাহত বিভিন্ন জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩২ হাজাৰ ৫৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। তদুপৰি ২ লাখ ১৩ হাজাৰৰো অধিক নৱম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হৈছে। ১৮ হাজাৰ ৯৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীক এই সময়ছোৱাত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত বেংক একাউণ্টযোগে আর্থিক উদগণি প্ৰদান কৰা হৈছে। একেদৰে অসম মাই...

December 17, 2024 11:49 AM

views 33

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান

ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰৰ পৰা গ্ৰহণ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। আজি বৰপেটা, দৰং, ধুবুৰী, গোৱালাপাৰা, তামুলপুৰ, বঙাইগাঁও, চিৰাং, ধেমাজি আৰু চৰাইদেউ জিলাত আয়োজিত এই কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। বৰপেটা জিলাত জয়ন্ত মল্লবৰুৱা, দৰঙত ৰূপেশ গোৱালা, ধেমাজি জিলাত যোগেন মহন, গোৱালপাৰাত অশোক সিংহল, তামুলপুৰত নন্দিতা গাৰ্লোচা, বঙাইগাঁৱত ৰণজিৎ‍ কুমাৰ দাস আৰু চৰ...