December 16, 2025 6:48 PM

views 19

ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন

১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন কৰা হয়। অসম আৰক্ষীয়ে বীৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ ওচৰত আত্মসমর্পণ কৰিছিল আৰু পূব পাকিস্তান বাংলাদেশ নামেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল। বিজয় দিৱস উপলক্ষে আজি ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰা...

December 16, 2025 12:12 PM

views 41

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত আজি দেশত বিজয় দিৱস উদযাপন

সমগ্র দেশে আজি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত বিজয় দিৱস উদযাপন কৰিছে। প্ৰতিবছৰে আজিৰ দিনটোত কৃতজ্ঞ ৰাষ্ট্ৰই প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত আৰু গৌৰৱান্বিত কৰা বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰে। আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান নিয়াজিয়ে ৯৩ হাজাৰ সেনাবাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সন্মুখত বিনা চৰ্তে আত্মসমৰ্পণ কৰিছিল। এই যুদ্ধৰ সমাপ্তিত পূব পাকিস্তানৰ পৰিৱৰ্তে বাংলাদেশ হিচাপে এখন নতুন ৰাষ্ট্ৰ গঠন হৈছিল।