October 26, 2026 11:43 AM
1
দেশৰ আন অংশৰ লগতে অসমতো আজিৰে পৰা ১ নৱেম্বৰলৈ তদাৰকী সজাগতা সপ্তাহ
দেশৰ আন অংশৰ লগতে অসমতো আজিৰে পৰা ১ নৱেম্বৰলৈ তদাৰকী সজাগতা সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে। স্বচ্ছ, নিকা, দায়বদ্ধ দুনীর্তিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিবছৰে এই সপ্তাহ পালন কৰা হয়। এইবাৰ এই সপ্তাহৰ মূল বিষয়বস্তু হৈছে সততাৰ জৰিয়তে সমৃদ্ধি। এই সপ্তাহৰ অংশ হিচাপে মন্ত্ৰ্যালয়, বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান, বেংক আৰু আন সংস্থাৰ কৰ্মচাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শপতবাক্য পাঠ কৰোৱা হব।