August 21, 2026 8:05 PM

views 11

১১ গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড নগাঁৱৰ আদালতৰ

নগাঁৱৰ দুখন আদালতে ১১ গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ঐতিহাসিক ৰায় দান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, কলা তামুলী ফুকন আৰু লাভলী বৰাই আজি এখন সংবদামেলত কয়, যে নগাঁও ফাষ্টট্রেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক ১০ বছৰ কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰামসিং টিমুং নামৰ এজন লোকক ১০ বছৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ বংকীম চন্দ্...