April 24, 2025 10:39 AM

views 13

পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ গৰিহণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে পহলগামৰ কাপুৰুষালিভৰা সন্ত্ৰাসবাদী আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিছে। আগ্ৰাত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্রীভান্সে আক্ৰমণত নিহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আমেৰিকাই ভাৰতলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে। এই ভয়াৱহ আক্রমণ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ মাজত হোৱা কথোপকথনৰ বিষয়ে তেওঁ উল্লেখ কৰে৷