July 22, 2025 12:05 PM

views 25

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্যজনিত কাৰণত পদত্যাগ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত কালি পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীধনখড়ে উল্লেখ কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ কাৰ্যকালত আগবঢ়োৱা সহায়-সমৰ্থনৰ বাবেও শ্রীধনখড়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীধনখড়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰতিও তেওঁ কৃতজ্ঞতা জনায়। প্রধানমন্ত্রী নৰেন্দ...