January 6, 2025 12:17 PM

views 25

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰৰ সোণৰ পদক

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰে সোণৰ পদক লাভ কৰিছে। কালি নতুন দিল্লীৰ ডাঃ কর্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত তেওঁ এই পদক লাভ কৰে। বৰুণ টোমাৰৰ সতীৰ্থ প্ৰধ্যুম সিঙে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ৰাজস্থানৰ আকাশ ভৰদ্বাজে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ জুনিয়ৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাতো বৰুণ টোমাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ প্ৰদেশৰ নিখিলে ৰূপৰ পদক আৰু প্ৰধ্যুম সিঙে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তদুপৰি পুৰুষৰ যুৱ ১০ মিটাৰ এয়াৰ...