February 5, 2025 12:59 PM

views 34

ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ কাইলৈ নাগপুৰত প্ৰথম খেল, বৰুণ চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ইংলেণ্ডৰ বিৰুদ্ধে কাইলৈ আৰম্ভ হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে বৰুণ চক্ৰৱৰ্তীক ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ অনুষ্ঠিত ৫ খনীয়া টি-টুৱেণ্টি শৃংখলাত বৰুণে দুখনকৈ খেলত ৫টাকৈ উইকেটৰ সৈতে মুঠ ১৪টা উইকেট লাভ কৰি শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হৈছিল। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতে কাইলৈ নাগপুৰৰ বিদৰ্ভ ক্রিকেট সন্থা ষ্টেডিয়ামত শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব।