July 2, 2026 12:09 PM

views 21

ভেনিজুৱেলাত হোৱা ভূমিকম্পৰ ফলত মৃত লোকৰ সংখ্যা ২,২৯৫ লৈ বৃদ্ধি

ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষ জৰ্জ ৰ’দ্ৰিগজে কৈছে যে দেশখনত হোৱা ভূমিকম্পৰ ফলত মৃত লোকৰ সংখ্যা দুহেজাৰ ২৯৫ লৈ বৃদ্ধি হৈছে। আনহাতে ১১ হাজাৰতকৈ অধিক লোক আহত হৈছে। অগা-পিছাকৈ হোৱা দুটা ভূমিকম্পৰ ফলত কমেও ১৩ হাজাৰ লোক গৃহহীন হৈছে বুলি অধ্যক্ষগৰাকীয়ে কয়। তেওঁ কয়, যে এটা শতিকাৰ ভিতৰত দেশখনত কেইবাটাও শক্তিশালী ভূমিকম্প সংঘটিত হৈছে। আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰ’দ্ৰিগজে প্রলয়ংকাৰী ভূমিকম্পৰ ফলত দুই সহস্ৰ...