January 2, 2026 11:31 AM

views 31

দুদিনীয়া ভ্রমণসূচীৰে আজি তামিলনাড়ুলৈ ৰাওনা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি দুদিনীয়া ভ্রমণসূচীৰে তামিলনাড়ুলৈ যাব। ভ্রমনকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই আৰু ভেল্লোৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি চেন্নাইৰ ড° এম জি আৰ শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ত সমাবর্তন অনুষ্ঠানত ভাগ লাব। তেওঁ লগতে ৰাম নাথ গোৱেংকা সাহিত্য সম্মান অনুষ্ঠানতো উপস্থিত থাকিব। চি পি ৰাধাকৃষ্ণণে কাইলৈ ভেল্লোৰত এটা অনুষ্ঠানত ভাগ ল'ব আৰু চেন্নাইত নৱম সিদ্ধ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব।