July 21, 2024 6:50 PM

views 87

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত ভূমিস্খলনত ৩ জন তীর্থযাত্ৰীৰ প্ৰাণহানি

উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰা পথত চিৰোৱাছাৰ সমীপত আজি পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত ৩ জন তীর্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু অন্য ৩ জন আহত হৈছে। যাত্ৰীকেইগৰাকী গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ গৈ থকা অৱস্থাত ভূমিস্খলনৰ বলি হয়। নিহতসকলৰ ভিতৰত দুজন মহাৰাষ্ট্ৰৰ আৰু এজন স্থানীয় বাসিন্দা বুলি কোৱা হৈছে। আহতসকলক চিকিৎসাৰ বাবে ৰুদ্ৰপ্ৰয়াগৰ গৌৰীকুণ্ড প্রাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু আহতসকলক উন্নত চিকিৎসা প্ৰ...