September 22, 2024 6:45 PM

views 57

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰ দেহাত জিলাৰ ৰাণিয়া উদ্যোগিক এলেকাৰ এটা ফেক্টৰিত কালি সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, বৈদ্যুতিন তাঁৰত শ্বৰ্ট ছাৰ্কিটৰ ফলতেই এই দুর্ঘটনা সংঘটিত হয়। আনহাতে, জুই লগাৰ ফলত এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি পৰিস্থিতি অধিক জটিল কৰি তোলে। পাছত অগ্নিনির্বাপন বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।