January 3, 2025 12:34 PM

views 43

উৎপল দত্তলৈ ২০২৫ বৰ্ষৰ অমূল্য মান্না আলোকচিত্র বঁটা

ৰাজ্যৰ বিশিষ্ট আলোকচিত্র শিল্পী, ৰাষ্ট্ৰীয় বঁটাৰে স্বীকৃত চলচ্চিত্র সমালোচক তথা পৰিচালক উৎপল দত্তলৈ ২০২৫ বৰ্ষৰ অমূল্য মান্না আলোকচিত্র বঁটা আগবঢ়োৱা হৈছে। ৰাজ্যৰ প্ৰখ্যাত আলোকচিত্র শিল্পী অমূল্য মান্নাৰ স্মৃতিত অমূল্য মান্না স্মৃতিৰক্ষা সমিতিয়ে ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। অমূল্য মান্না মৃত্যু বার্ষিকীৰ লগত সংগতি ৰাখি অহা ১৯ জানুৱাৰীত এই বঁটা প্ৰদান কৰা হ'ব ।