June 7, 2026 8:34 PM
12
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ’ৰ টলেডোত এটা সমূহীয়া উৎসৱত সংঘটিত গুলীচালনাত ১২গৰাকী লোক আহত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ'ৰ টলেডোত এটা জনপ্রিয় সমূহীয়া উৎসৱত হোৱা গুলীচালনাত ১২গৰাকী লোক আহত হয়। ইয়াৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অল্ড ওৱেষ্ট এণ্ড ফেষ্টিভেলৰ সমীপত গুলীচালনাটো সংঘটিত হয়। টলেড'ৰ উপ-আৰক্ষী মুৰববী জ হেফাৰনানে যে গুলীচালনাৰ আঁৰত দুজন ব্যক্তি জড়িত থকাৰ আশংকা প্রকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। অহিঅ'ৰ গৱৰ্ণৰ মাইক ডেৱাইনে ঘটনাটোত গভীৰ উদ্বিগ্নতা প্রকাশ কৰে আৰু কয় যে পৰিস্থিত সন্দৰ্ভত প্রাদেশিক কর্তৃপক্ষই গুৰুত্ব সহকাৰ...