September 27, 2025 8:25 PM

views 47

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ তীব্ৰ নিন্দা

ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক বৈঠকৰ সময়তে নিউয়ৰ্কত কালি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ চনত ভাৰত ব্ৰিকছৰ ভাবী অধ্যক্ষ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকতো ভাৰতে অধ্যক্ষতা কৰে। বৈঠকৰ পাছত হোৱা সংবাদমেলত বিদেশ মন্ত্ৰীসকলে যুটীয়াভাৱে দিয়া এখন বিবৃতিত যিকোনো ধৰণৰ সন্ত্ৰাসবাদকে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁলোকে সীমান্তত সন্ত্...