June 16, 2026 8:23 PM

views 18

UPSCৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই : পি আই বি

কেন্দ্ৰীয় চৰকাৰে ২০২৬ বর্ষত কেন্দ্রীয় লোকসেৱা আয়োগৰ অধীনৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি সামাজিক মাধ্যমযোগে কৰা দাবী খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে এই দাবী ভুৱা বুলি অভিহিত কৰিছে। গোটটোৱে কয় যে কেন্দ্রীয় লোকসেবা আয়োগৰ অধীনৰ প্ৰশ্নকাকত সমগ্র দেশৰ বচা বচা বিষয় বিশেষজ্ঞই প্রস্তুত কৰে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো লগতে জনসাধাৰণক এনে ধৰণৰ বিভ্রান্তিকৰ আৰু অনিশ্চিত তথ্য শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।