February 24, 2025 12:04 PM

views 54

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ ৰাওনা

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰী ভ্ৰমণসূচীৰে সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ গৈছে। আজি পেৰিছৰ লেছ ইনভেলিদেছত হ'বলগীয়া ফ্ৰান্সৰ জ্যেষ্ঠ সামৰিক নেতৃত্বৰ সৈতে জেনেৰেল দ্বিবেদী বৈঠকত মিলিত হ'ব। সামৰিক অভিবাদনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত তেওঁ দেশখনৰ জেনেৰেল পিয়েৰ শ্বিলৰ সৈতে মিলিত হ'ব। এই বৈঠকত মূল উদ্দেশ্যে হৈছে দুয়োখন দেশৰ মাজত সামৰিক সম্পৰ্ক অধিক শক্তিশালী কৰা। কাইলৈ জেনেৰেল দ্বিবেদী মাৰ্ছেইললৈ যাত্ৰা কৰিব আৰু তাত তেওঁক ফ্ৰান্...