May 11, 2024 3:18 PM

views 30

লোকসভা নিৰ্বাচনৰ বাকী কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ বাকী কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন ঠাইত নির্বাচনী সভা আৰু ৰোড শ্ব’ত ভাগ লোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ আহমেদ নগৰত এখন নির্বাচনী সভাত ভাগ লৈ কয় যে গৰীৱ কল্যাণ, ৰাষ্ট্ৰীয় সুৰক্ষা উন্নয়ন আৰু দেশৰ আত্মসন্মান এন ডি এ চৰকাৰৰ মূল কাৰ্যসূচী। তেওঁ ভাষণ প্ৰসংগত আই এন ডি আই মিত্ৰজোঁট আৰু কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্ৰীমোদীয়ে বিগ...