October 4, 2024 6:44 PM

views 33

মিৰ্জাপুৰত পথ দুৰ্ঘটনাত ১০জন লোক নিহত, ৩ আহত

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতি নিশা ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁলোকক উচিত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। ইপিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্রশাসনে ভুক্তভোগীক সকলো ধৰণৰ...