August 9, 2026 12:25 PM
16
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সৰ সৈতে ফোন যোগে বাৰ্তালাপ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সৰ সৈতে ফোন যোগে বার্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে তেওঁলোকে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ভাৰত-আমেৰিকা ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে বাণিজ্য, প্ৰতিৰক্ষা, উন্নত প্রযুক্তি, শক্তি, সুৰক্ষা আৰু গুৰুত্বপূৰ্ণ খনিজ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ দিশত থকা প্রতিশ্রুতি বদ্ধতাৰ কথা দোহাৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্...