September 24, 2024 7:43 PM

views 24

এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন উজবেকিস্তানত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংক (এ আই আই বি)ৰ পৰিচালনা পৰিষদৰ নৱম বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উজবেকিস্তানৰ তাশখণ্ডত উপস্থিত হৈছে। শ্ৰীমতী সীতাৰমনে কাইলৈ এই বৈঠকত অংশ ল'ব। ভাৰত এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ দ্বিতীয় সর্ববৃহৎ অংশীদাৰ। কাইলৈৰ বৈঠকত উন্নয়নৰ কাৰ্যসূচীৰ সৈতে জড়িত ভালেমান গুৰুত্বপূৰ্ণ গোলকীয় বিষয় লৈ আলোচনা কৰা হ'ব। শ্ৰীমতী সীতাৰমনে লগতে ভাৰত আৰু উজবেকিস্তানৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিতো স্বাক্ষৰ কৰিব । দুয়োখন ৰাষ্ট্ৰৰ পাৰ...