July 5, 2026 11:05 AM

views 10

ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি কেন্দ্রীয় পেট্রলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্রকাশ

কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত কালি এটা সমাবেশত ভাষণ দি শ্ৰীপুৰীয়ে কয়, যে চৰকাৰে ইয়াৰ জৈৱ ইন্ধন মিহলি কাৰ্যসূচীৰ গঠনমূলক সমালোচনাৰ প্ৰতি আদৰণি জনায়। তেওঁ লগতে চৰকাৰে পৰামৰ্শ অনুযায়ী এই কাৰ্যসূচীত প্রয়োজনীয় শুধৰণি কৰিব বুলি আশ্বাস দিয়ে। শ্রীপুৰীয়ে লগতে কয়, যে দেশত ইথানল মিহলিৰ অৱধাৰণা সৰ্বপ্ৰথম পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিল। ২০০৬ৰ পৰা ২০০৮ চনৰ ভিতৰত ...