June 28, 2026 11:40 AM

views 10

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই সোমবাৰে নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্র দেশতে স্বাস্থ্যৰ ক্ষেত্রত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্রীনাড্ডাই কাইলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পর্যায়, আয়ুষ্মান সাৰথি চাটবট, আয়ুষ্মান এপ, ই-সুশ্রুত ক্লিনিক, ৰাষ্ট...