December 31, 2025 1:25 PM

views 41

পি এম যুৱা তৃতীয় সংস্কৰণৰ অধীনৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে যুৱ লেখকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে পি এম যুৱা তৃতীয় সংস্কৰণৰ অধীনৰ ফলাফলসমূহ ঘোষণা কৰিছে। ইয়াৰ অধীনত ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীৰ ৪৩ খন গ্ৰন্থ প্ৰস্তাৱনা বাছনি কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে কৈছে যে নির্বাচিত গ্ৰন্থ প্ৰস্তাৱনাসমূহ ছমাহৰ ভিতৰতেই বিশিষ্ট শিক্ষাবিদৰ তত্বাৱধানত গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হ'ব। তেওঁ লগতে কয়, যে নির্বাচিত প্ৰতিগৰাকী লেখকে প্ৰতিমাহে ৫০ হাজাৰ টকাকৈ জলপানি লাভ কৰাৰ লগতে তেওঁলোকৰ প্ৰকাশিত গ্ৰন্থসমূহত আজীৱন ১০ শতাংশকৈ ৰয়েল্টি লাভ কৰিব ।