February 15, 2025 11:47 AM

views 33

আলফা স্বাধীন আৰু এন এছ চি এন (আংমাই) গোটৰে যোগাযোগকাৰী দুজনক গ্ৰেপ্তাৰ সোণাৰি আৰক্ষীৰ

আলফা স্বাধীন আৰু এন এছ চি এন (আংমাই) গোটৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা দুজন যোগাযোগকাৰীক কালি সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যোগাযোগকাৰী দুজন নগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জুৰিয়া গাঁৱৰ মহৰম আলী আৰু চৰাইদেউ জিলাৰ সঞ্জু দাস বুলি চিনাক্ত কৰা হৈছে। সোণাৰি আৰক্ষীয়ে দুয়োজন যোগাযোগকাৰীক অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলা-হাতীকেম্প এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে। লোক দুজনে প্রতিষ্ঠিত ব্যৱসায়ী আৰু বিশিষ্ট লোকৰ মোবাইল নম্বৰ গোপনে সংগ্ৰহ কৰি আলফা আৰু এন এছ চি এনক যোগান ধৰাৰ লগতে সংগঠন দুটাৰ লগত নিয়মীয়াকৈ ...