December 24, 2024 8:12 PM

views 142

আলফা (স্বাধীন) অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই বিবেচনা কৰিবলৈ ন্যায়াধিকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব। উল্লেখযোগ্য যে, ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কার্যকলাপ, বলপূৰ্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত থকা বুলি সংযুক্ত...