April 5, 2025 9:16 PM

views 71

বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব খোজা শিক্ষার্থীৰ বাবে প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা কর্মশক্তিৰ সৈতে সংযুক্ত হ'ব খোজা শিক্ষার্থীসকলৰ বাবে এটা প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এখন জাননীযোগে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিদেশী যোগ্যতা চিনাক্তকৰণৰ বাবে স্বচ্ছ প্রযুক্তি আধাৰিত ব্যৱস্থা বিকশাই তোলা হৈছে বুলি প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদালা জগদীশ কুমাৰে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষ...

January 9, 2025 10:50 AM

views 61

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা – নেট বাধ্যতামূলক নহ’ব

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক, শিক্ষক আৰু শৈক্ষিক কৰ্মচাৰীৰ পদোন্নতিৰ নতুন নিয়মাৱলীৰ খচৰা প্ৰকাশ কৰিছে। এই নিয়মাৱলী অনুসৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা - নেট বাধ্যতামূলক নহ'ব। বর্তমান মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ বাবে নেট বাধ্যতামূলক হৈ আছে। নেট অবিহনে সহকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰিবলৈ সকলো শাখাৰ ক্ষেত্ৰত স্নাতকোত্তৰ পৰীক্ষাত কমেও ৫৫ শতাংশ নম্বৰ লাভ কৰি...

October 23, 2024 11:55 AM

views 59

অসম দক্ষতা বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান

অসম দক্ষতা বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্রী শৰ্মাই কয় যে ৰাজ্যৰ যুৱশক্তিৰ দক্ষতা বিকাশ অর্থে অসম দক্ষতা বিশ্ববিদ্যালয়ে নিত্য নতুন কৌশল অৱলম্বন কৰিছে। ৰাজ্যৰ যুৱক-যুৱতীসকলক কাৰিকৰী শিক্ষা বা দক্ষতা বিকাশৰ দিশত ভূমিকা গ্ৰহণ কৰাৰ লগতে ইউ জি চিৰ স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰমৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

June 15, 2024 12:27 PM

views 64

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব। বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ নতুন মাচুল প্রত্যার্পণ নীতিত এই বিষয়ে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, শিক্ষার্থী আৰু অভিভাৱকসকলে নামভর্তি প্ৰত্যাহ্বাৰ অথবা বাতিল হোৱাৰ পাছত মাচুল ওভতাই নোপোৱা সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক আইনৰ অধীনৰ সকলো উচ্চ শিক্ষাৰ প্রতিষ্ঠান, বিশ্ববিদ্যালয় অনুদান আয়োগৰ...

April 26, 2024 11:55 AM

views 66

ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা

বিশ্ববিদ্যালয় অনুদান আয়োগে এটা নিৰ্দেশনাযোগে ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। এই অনুসৰি শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় ৰাজ্যৰ স্বতন্ত্ৰ মহাবিদ্যালয় সমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আয়োগে এই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে।