August 29, 2024 9:04 PM

views 41

ওদালগুৰিত শিশু অধিকাৰ সন্দৰ্ভত সজাগতা সভা

ওদালগুৰিত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত শিশু অধিকাৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত যৌন অপৰাধৰ পৰা শিশুসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে আইনী সাহায্য প্রদান সম্পর্কত আলোচনা কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সবিতা ভৰদ্বাজে শিশুসকলৰ সৈতে জড়িত বিভিন্ন আইনৰ বিষয়ে বক্তব্য প্ৰদান কৰে। শিশুসকলৰ সৈতে জড়িত সংবেদনশীল ঘটনা নিৰীক্ষণ কৰাৰ সন্দৰ্ভত অভিভাৱক বা শিক্ষক-শিক্ষয়িত্ৰীৰ কৰণীয় সন্দৰ্ভতো সভাত আলোচনা কৰা হয়।