June 29, 2025 8:15 PM

views 42

কাছাৰৰ কাটিগড়াত দুজন বাংলাদেশী নাগৰিকক আটক

কাছাৰৰ কাটিগড়াত আজি পুৱা দুজন বাংলাদেশী নাগৰিকক আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হ'বলৈ চেষ্টা কৰি থকা অৱস্থাত আটক কৰা হয়। কাটিগড়া সীমান্তত চলাচল কৰি থকা তিনিজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে যদিও এজন পলায়ন কৰিবলৈ সমৰ্থ হয়। আটক কৰা লোকদুজন কেইবা বছৰ পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গুজৰাটত শ্রমিক হিচাপে কাম কৰি আছিল বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে। গুজৰাট চৰকাৰে সম্প্ৰতি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ পৰিপ্ৰেক্ষিতত লোকদুজনে কাছাৰলৈ পল...