July 15, 2026 8:25 PM
10
নগাঁও জিলাৰ চ’ৰাপাৰাত পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ মৃত্যু
নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চ'ৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত এম জি এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা-ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুর্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্রতি চিকিৎসাধীন হৈ আছে।