January 10, 2025 8:38 PM

views 17

দৰঙৰ মঙলদৈ আৰু খাৰুপেটিয়া পৌৰসভাত ৰূপায়ণ হৈ থকা আঁচনি পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তুষণ চাহুৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তুষণ চাহুৱে আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈ আৰু খাৰুপেটিয়া পৌৰসভা এলেকাত ৰূপায়ণ হৈ থকা কেইবাখনো আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে খাৰুপেটিয়াত আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নগৰীয়া জীৱিকা অভিযানৰ অধীনত গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সা-সামগ্ৰী প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে।