July 15, 2024 10:26 AM

views 62

ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ

● আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্রুটি সমূহ বিচাৰ কৰা হ'ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ড'নাল্ড ট্রাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰট'কলৰ স্বতন্ত্ৰ পৰ্যালোচনাৰ নিৰ্দেশ দিয়া হৈছে যাতে এই পৰিঘটনাসমূহ ভালদৰে পৰীক্ষা কৰিব পৰা যায়। তেওঁ কয় যে, এই স্বতন্ত্র পর্যালোচনাৰ তথ্যসমূহ আমেৰিকাৰ জনসাধাৰণৰ বাবে স্বচ্ছ ৰূপত আগবঢ়াই দ...