June 24, 2026 8:14 PM

views 9

ত্ৰিপুৰাত ৯৬টা পথ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ২১১ কোটিতকৈ অধিক টকাত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্রধানমন্ত্রী গ্রাম চড়ক যোজনা চতুৰ্থৰ অধীনত ত্ৰিপুৰাত ৯৬টা পথ নিৰ্মাণৰ বাবে ২১১ কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ১৬০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ পথ সামৰি লোৱা হৈছে। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা মতে, অনুমোদিত প্রকল্পসমূহে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৯৬টা বাসস্থানলৈ সকলো বতৰ উপযোগী পথৰ সংযোগ প্রদান কৰিব। মন্ত্রালয়ে উল্লেখ কৰে যে বর্ধিত সংযোগে বিদ্যালয়, স্বাস্থ্যসেৱাৰ সুবিধা আৰু গ্ৰাম্য বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ উন্নত প্ৰৱেশৰ সুবিধা প...