May 15, 2025 8:52 PM

views 28

সন্ত্ৰাসবাদী দমনত সফলতা প্ৰদৰ্শন কৰা সামৰিক বাহিনীৰ বীৰ জোৱানসকললৈ কৃতজ্ঞতাস্বৰূপে পৰিবহন বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী

পাকিস্তানত আশ্রয় গ্রহণ কৰা সন্ত্ৰাসবাদীক কঠোৰভাৱে দমন কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা প্ৰদৰ্শন কৰা সামৰিক বাহিনীৰ বীৰ জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰি পৰিবহণ বিভাগে আজিৰে পৰা বিশেষ সেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত স্থলসেনা, নৌসেনা, আৰু বায়ু সেনাত কৰ্মৰত তথা প্রাক্তন বিষয়া, কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ সংক্রান্তীয় নথিপত্র ঘৰতে প্ৰদান কৰা হ'ব বুলি পৰিবহণ বিভাগে জানিবলৈ দিছে। এই কাৰ্যসূচীৰ অধীনত আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্...