August 2, 2025 12:57 PM

views 48

পাকিস্তানৰ লাহোৰত ৰে’লৰ কেইবাটাও দবা লাইনচ্যুত হোৱাত কমেও ৩০জন যাত্রী আহত

পাকিস্তানৰ লাহোৰত কালি সন্ধিয়া এখন ৰে'লৰ কেইবাটাও ডবা লাইনচ্যুত হোৱাৰ ফলত কমেও ৩০ জন যাত্রী আহত হয়। পাকিস্তান ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি ৰাৱলপিণ্ডিৰ পৰা লাহোৰ অভিমুখে গৈ থকা ইছলামাবাদ এক্সপ্ৰেছ ৰে'লখনৰ শ্বেইখুপুৰাৰ কালাছাহ কাকু অঞ্চলত প্ৰায় ১০টা দবা লাইনচ্যুত হয়। অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।