September 12, 2026 11:52 AM

views 14

ব্রিকছ শীৰ্ষ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ প্ৰধান পথসমূহত যান-বাহনৰ চলাচলৰ দিশ সলনি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্রিকছ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱা ৯.৩০ বজাৰ পৰা নিশা ৯ বজালৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰধান পথসমূহত যান-বাহনৰ চলাচল চলাচলৰ দিশ সলনি কৰা হ'ব। যাত্ৰীসকলক যাত্ৰাৰ পূৰ্ব পৰিকল্পনা কৰাৰ লগতে হাতত অতিৰিক্ত সময় লৈ ওলাবলৈ যান বাহন আৰক্ষীয়ে পৰামৰ্শ দিছে। লগতে সম্ভৱপৰ সকলো স্থানত নাগৰিকসকলক ৰাজহুৱা পৰিবহণ, বিশেষকৈ মেট্ৰ' ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে দিল্লীৰ যান-বাহন আৰক্ষীয়ে নির্ধাৰিত বিকল্প পথসমূহ ব্যৱহাৰ কৰিবলৈ আৰু ট্ৰেফিক আৰক্ষী...