June 9, 2025 12:57 PM

views 48

টাইৱান এথেলেটিকছ অপেন চেম্পিয়নশ্বিপত ভাৰতৰ ৬টা সোণসহ মুঠ ১০টা পদক জয়

টাইপেইত অনুষ্ঠিত টাইৱান এথেলেটিকছ অপেন চেম্পিয়নশ্বিপৰ দ্বিতীয় তথা অন্তিম দিনা কালি ভাৰতীয় খেলুৱৈসকলে ছটা সোণ, তিনিটা ৰূপসহ মুঠ ১০টা পদক জয় কৰে। মহিলাৰ ৪০০ মিটাৰ হার্ডলছত তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন বিথ্যা ৰামাৰাজে, জেভলিনত ৰোহিত যাদৱে, মহিলা আৰু পুৰুষৰ ৮০০ মিটাৰত ক্ৰমে পূজা আৰু কৃষ্ণন কুমাৰ আৰু মহিলাৰ জেভলিনত অন্নু ৰাণীয়ে সোণৰ পদক দখল কৰে।