March 21, 2025 7:59 PM

views 43

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আৰম্ভ

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আজি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঔজাৰীৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আৰম্ভ হৈছে। আজি পুৱাৰ ভাগত তিৱাসকলৰ ঐতিহ্যমণ্ডিত গোভা ৰজা দীপসিং দেওৰজাই অধিৱেশনস্থলীৰ মূল দ্বাৰ উন্মোচন কৰে। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন বৰদলৈ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তিৱা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতিয়ে স্মৃতি তর্পণ কা...