October 23, 2025 11:55 AM

views 74

সোণাৰাম চুতীয়াৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ লাখ টকাৰ প্ৰাথমিক অনুদান মুকলি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰয়াত পদাধিকাৰ, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ স্মৃতিত তিতাবৰত নিৰ্মাণ কৰিবলগীয়া এটা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ প্ৰাথমিক অনুদান মুকলি কৰি দিছে। সর্বমুঠ প্রায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্রকল্পটোত এটা বিজ্ঞান সংগ্রহালয়, এখন শিশু উদ্যান, শ্রীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ এটা তথ্যচিত্র গৃহ, দুই সহস্রাধিক লোকৰ আসনযুক্ত এটা সভাগৃহৰ দৰে সুবিধা উপলব্ধ হ'ব। অহা ২৬ অক্টোবৰত কেন্দ্ৰীয় ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আধাৰশিলা স্থাপনেৰে প্ৰকল্পটোৰ নিৰ্ম...