November 14, 2025 9:23 PM

views 39

তিনিচুকীয়া জিলাৰ গুইজানত অনুষ্ঠিত স্বাস্থ্য শিবিৰত ২,২৫৪ গৰাকী কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা

তিনিচুকীয়া জিলাৰ গুইজানত আজি অনুষ্ঠিত স্বাস্থ্য শিবিৰত ১৮ বছৰ অনুর্ধ ২ হেজাৰ ২৫৪ গৰাকী কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ পূৰ্বে জিলাখনৰ ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু তিনিচুকীয়া সমষ্টিৰ স্বাস্থ্য শিবিৰসমূহত প্ৰায় ১৩ হাজাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। আজিৰ শিবিৰৰ সামৰণিৰ পিছত জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি জিলাখনত আটাইকেইটা সমষ্টিত মুঠ ১৫ হাজাৰ ১৩৯ টা শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে এহেজাৰ ৭৭৬ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য...