April 25, 2025 11:08 AM

views 28

তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন জিলা আয়ুক্ত স্বপ্নীল পালৰ

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে কালি তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। কালি পুৱা হোৱা বৰষুণৰ ফলত তিনিচুকীয়া নগৰত উদ্ভৱ হোৱা আকস্মিক বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁ তিনিচুকীয়া পৌৰসভাৰ নলা-নৰ্দমা নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে কথা পাতে। পৰিদৰ্শন কালত জিলা আয়ুক্তগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপত মিলিত হৈ এই পৰিস্থিতৰ অৱসানৰ বাবে এখন কর্ম আঁচনি প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও প্ৰকাশ কৰে।