June 17, 2025 9:47 AM

views 43

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিঙত ইজৰাইলৰ আক্রমণ

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিং চমুকৈ আই আৰ আই বিৰ ওপৰত ইজৰাইলে আক্রমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰানৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰান আৰু ইজৰাইলৰ মাজত সম্প্ৰতি চলি থকা যুদ্ধখনত দুয়োখন দেশে পৰস্পৰৰ সামৰিক ঘাটি আৰু আন্তঃগাঁথনি ধ্বংস কৰি আহিছে। ইয়াৰ পূৰ্বে কালি ইৰানে ক্ষেপণাস্ত্ৰৰ জৰিয়তে ইজৰাইলৰ তেল আভিভ আৰু বন্দৰ নগৰী হাইফাত আক্ৰমণ ক...