May 24, 2024 12:06 PM

views 37

স্বদেশলৈ আহিল কম্বোদিয়াত ভুৱা নিয়োগকৰ্তাৰ কবলৰ পৰা উদ্ধাৰ কৰা ৬০ গৰাকী ভাৰতীয় নাগৰিকৰ প্ৰথমটো দল

ভাৰতীয় দূতাবাসে কম্বোদিয়াত ভুৱা নিয়োগকৰ্তাৰ কবলৰ পৰা উদ্ধাৰ কৰা ৬০ গৰাকী ভাৰতীয় নাগৰিকৰ প্ৰথমটো দল কালি ভাৰতলৈ ঘূৰি আহে। নোম পেনহত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে ভাৰতীয় নাগৰিক কেইগৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে কম্বোদিয়াৰ বিভিন্ন কর্তৃপক্ষক ধন্যবাদ জনাইছে। কম্বোদিয়াৰ কৰ্তৃপক্ষসমূহে ভুৱা কৰ্মসংস্থাপনৰ বলি হোৱা ৬০ গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰি অহাত সহায় আগবঢ়াইছে আৰু আইনী নথি পূৰণত সহায় আগবঢ়াইছে।