November 12, 2026 12:51 PM
16
ৰাজ্যৰ দুখন জিলাত বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি ধুমুহা, শিল বৰষুণ আৰু বজ্ৰপাতৰ ফলত বিস্তৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। ৰাজ্যখনৰ দুখন জিলাত কালি বজ্ৰ পৰি তিনিজন লোকৰ মৃত্যু হয়। মৰিগাঁও জিলাত মণিৰাম ডেকা আৰু গোৱালপাৰাত আতাবুল ইছলাম আৰু চৰিফুদ্দিন শ্বেখ নামৰ দুজন লোকৰ বজ্ৰ পৰি মৃত্যু হয়। তদুপৰি মৰিগাঁৱত বজ্ৰ পৰি এগৰাকী মহিলা আহত হয় আৰু চাৰিটা পশুধনৰ মৃত্যু হয়। ইয়াৰ উপৰি কালি ভৱানীপুৰ অঞ্চলত শিল- বৰষুণৰ ফলত ধানখেতিৰ বিস্তৰ ক্ষতি হয়। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত লোহাৰঘাট অঞ্চলতো শিল বৰষুণত ধাননি পথাৰৰ বিস্তৰ ক্ষতি হয...