July 28, 2025 10:29 AM

views 43

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে দেশ দুখনৰ নেতাসকলৰ মাজত মালয়েছিয়াত গুৰুত্বপূৰ্ণ বৈঠক

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে দেশ দুখনৰ নেতাসকল আজি মালয়েছিয়াত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। থাইলেণ্ডৰ কাৰ্যবাহী প্রধানমন্ত্রী ফুমথাম রেচায়াচায়ীয়ে থাইলেণ্ডৰ প্ৰতিনিধিসকলক নেতৃত্ব দিব। এই আলোচনাত কম্বোডিয়াৰ প্ৰধানমন্ত্রী হুন মেনেটয়েও অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে থাইলেণ্ড-কম্বোডিয়া সীমা বিবাদৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২লৈ বৃদ্ধি পাইছে আৰু এনেধৰণৰ ঘটনাত ১৩০ জনৰো অধিক লোক আহত হৈছে। কালি চতুর্থ দিনৰ বাবেও দেশ দুখনৰ মাজৰ সংঘৰ্ষ অব্যাহত থকাৰ পৰি...