January 20, 2025 8:14 PM

views 34

তেজপুৰ বিশ্ববিদ্যালয়ত ১৯৯৫ৰ পৰা ২০০৫ শিক্ষাবৰ্ষৰ প্রাক্তন ছাত্র-ছাত্ৰীসকলৰ পুনৰ মিলন সমাৰোহ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯৯৫ শিক্ষাবৰ্ষ আৰু ২০০৫ শিক্ষাবৰ্ষৰ ভিতৰত শিক্ষা গ্ৰহণ কৰা প্রাক্তন ছাত্র- ছাত্ৰীসকলৰ পুনৰ মিলন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙে এই সমাৰোহ উদ্বোধন কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ নাম উজলাই তোলাৰ বাবে সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয়, যে তেজপুৰ আইন মহাবিদ্যালয়ৰ অস্থায়ী শ্রেণীকক্ষৰ পৰা আৰম্ভ হোৱা তেজপুৰ বিশ্ববিদ্যালয় বৰ্তমান দেশৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হৈছে। ত...