September 2, 2026 8:59 PM

views 10

২০২৪ বৰ্ষৰ টেনজিং নৰ্গেলৈ ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা ঘোষণা

২০২৪ বৰ্ষৰ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা ঘোষণা কৰা হৈছে। দেশৰ বিভিন্ন খণ্ডৰ দুঃসাহসিক ক্রীড়াসমূহত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। দুঃসাহসিক জলক্রীড়াৰ বাবে ৰিমু সাহা আৰু জীৱনযোৰা সাফল্যৰ শাখাত শিৱপ্ৰসাদ চামোলিলৈ এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে দুঃসাহসিক স্থলক্রীড়া শাখাত বলজিত্ কৌৰ আৰু স্কালজেন ৰিগজিনলৈ টেনজিং নর্গে ৰাষ্ট্রীয় দুঃসাহসিক বঁটা আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই বঁটা প্ৰদান কৰিব।