September 2, 2025 8:41 PM

views 40

কে চন্দ্ৰশেখৰ ৰাৱৰ কন্যা কে. কবিতাক দল বিৰোধী কাৰ্য্য-কলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ

তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ, প্রাক্তন মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ কন্যা তথা বিধান পৰিষদৰ সদস্য কে. কবিতাক দল বিৰোধী কাৰ্য্য-কলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছে। হায়দৰাবাদত আজি দলৰ অনুশাসনৰ দায়িত্বত থকা টি ৰবীন্দ্ৰৰ ৰাও আৰু সোমা ভাৰত কুমাৰে এই কথা ঘোষণা কৰি কে কবিতাৰ শেহতীয়া আচৰণ দলীয় স্বাৰ্থৰ বাবে ক্ষতিকাৰক বুলি কয়। শ্ৰীমতী কবিতাই কালেশ্বৰম প্ৰকল্পৰ চি বি আই তদন্ত চলি থকাৰ মাজতে তেওঁৰ খুৰাকৰ ল'ৰা হৰিশ ৰাও আৰু সন্তোষ কুমাৰে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে গো...

June 30, 2025 8:14 PM

views 63

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ ঔষধ প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ এটা ঔষধ প্ৰতিষ্ঠানত আজি সংঘটিত এটা বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত হোৱাৰ লগতে ২৬ গৰাকীৰো অধিক শ্রমিক আহত হয়। চিগাচি উদ্যোগিক প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণটোৰ ফলত সমগ্র প্রতিষ্ঠানটো বিধ্বংসী অগ্নিকাণ্ডৰ কবলত পৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। তেলেংগানাৰ ৰাজ্যিক শ্রম মন্ত্রী বিবেক ভেংকটাস্বামীয়ে জুইত জাহ যোৱা প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি...

May 6, 2025 8:17 AM

views 53

তেলেংগানাত ৬,১০০ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভিন্ন প্রকল্পৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

■ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি তেলেংগানাত ৬ হাজাৰ ১০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেমান প্রকল্প উদ্বোধন কৰাৰ লগতে আন ভালেকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। হায়দৰাবাদৰ আম্বেৰপেতত কালি বিয়লি এখন জনসভা সম্বোধন কৰি শ্ৰীগাডকাৰীয়ে অদূৰ ভৱিষ্যতে ৰাজ্যখনত পথ সংযোগে অধিক গতি লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে। হায়দাবাদ-বিজয়ৱাড়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পৰৱৰ্তী তিনিটা মাহৰ ভিতৰত ১০ হাজাৰ কোটি টকা ব্যয়ৰে ছয়লেনযুক্ত কৰি তোলাৰ কাম আৰম্ভ ...

April 12, 2025 1:16 PM

views 56

তেলেংগানাত ২২ জন চিপিআই মাওবাদীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

তেলেংগানাৰ মুলুগু জিলাত কালি কমেও ২২ জন চিপিআই মাওবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত ৰিভলিউশ্বনৰী পিপলছ কমিটীৰ ১৮ জন সদস্য, ৩টা এলেকা সমিতিৰ সদস্য আৰু এজন দলীয় সদস্য আছে। জিলা আৰক্ষী অধীক্ষক ছ'বাছি পি-য়ে মাওবাদী সদস্যসকলক আত্মসমৰ্পণ কৰি পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ জীৱন কটাবলৈ আহ্বান জনাইছিল। তেওঁ কয়, যে জিলা আৰক্ষীয়ে আত্মসমৰ্পণকাৰী সদস্যসকলৰ পুনৰ্বাসৰ ব্যৱস্থা কৰিব।

May 2, 2024 6:21 PM

views 47

তেলেংগানাত প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

তেলেংগানাত সকলো প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া হায়দৰাবাদ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী মাধৱীলতাৰ হৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। বিগত কেইবাবছৰো ধৰি হায়দৰাবাদ আসনখনৰ পৰা ৰাজাকাৰসকলৰ উত্তৰাধিকাৰীয়ে সংসদক প্ৰতিনিধিত্ব কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক এইবাৰ বিজেপি প্রার্থীগৰাকীক সংসদলৈ নিৰ্বাচিত কৰিবলৈ আহ্বান জনায়। ইপিনে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ তথা মুখ্যমন্...